Fireflies: A Nocturnal Insect with a Light-Producing organ at the rear of the Abdomen.

Junaki Poruwa Fireflies in Assam
Junaki Poruwa Fireflies in Assam

জোনাকী পৰুৱা সকলোৰে এটা চিনাকী নাম ৷ সৰুতে জোনাকী পৰুৱাৰ সৈতে খেলা কৰাৰ কথা হয়তো বহুতৰে বাবে এতিয়াও সজীৱ স্মৃতি হৈয়ে আছে ৷ আন্ধাৰৰ ৰাতি জোনাকৰ পোহৰত আইতাই জানো সাধু কথা কোৱা নাইনে আপোনালোকক ৷ সেইবাবে এৰা বাটৰ সুৰ বোলছবিত (১৯৫৬) ভূপেন হাজৰিকাৰ কথা, সুৰ, সংগীত আৰু লতা মংগেশকাৰ কণ্ঠত নিগৰিছিল ''জোনাকৰে ৰাতি অসমীৰে মাটি'' শীৰ্ষক গীতটি ৷ জোনাক ৰাতি অথবা জোনাকী পৰুৱাক লৈ বহু কবিতা, গীত, সাধুকথাৰ লগতে বিভিন্ন ধৰণৰ স্মিতি জড়িত হৈ আছে ৷ অসমীয়া সমাজ জীৱনতো জোনাক-জোনাকী পৰুৱাৰ সৈতে এক মিঠা সম্পৰ্ক আছে ৷

Junaki Poruwa Fireflies in Assam
Junaki Poruwa Fireflies in Assam

Junaki Poruwa

শুনি আচৰিতযেন লাগিলেও জোনাকী পৰুৱাবোৰ সাধাৰণতে মাংসভোজী। পলুবোৰে মৃত শামুক আৰু আন কীট পতংগসমূহ খায়। আন কিছু প্ৰজাতিয়ে নিজৰ সংগিক ভক্ষণ কৰে। প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰে অন্য প্ৰজাতি ভক্ষণ নকৰে। নিজৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা ৰাতি জিলিকা পাখিলগা এবিধ সৰু পতংগ । পৃথিৱীৰ প্ৰায় সকলো ঠাইতে, বিশেষকৈ, উষ্ণ জলবায়ু অঞ্চলত জোনাকী পৰুৱা পোৱা যায় । পৃথিৱীত প্ৰায় ২০০০ প্ৰজাতিৰ জোনাকী পৰুৱা আছে; সৰহভাগৰে আকাৰ তিনি চেণ্টিমিটাৰতকৈও কম । বিভিন্ন প্ৰজাতিৰ জোনাকী পৰুৱাৰ পোহৰ ভিন ভিন ধৰণৰ হয় (যেনেঃ নীলা, সেউজীয়া, হালধীয়া, কমলা বা ৰঙা) । এই পোহৰ সিহঁতৰ জীৱন চক্ৰৰ বিভিন্ন দশাত (পলু বা পূৰ্ণাংগ অৱস্থা) উৎপন্ন হব পাৰে ৷

Junaki Poruwa Fireflies in Assam
Junaki Poruwa Fireflies in Assam

Fireflies

জোনাকী পৰুৱাৰ উদৰ কেইবাটাও সৰু সৰু অংশত বিভক্ত । এই ভাগবোৰৰ ষষ্ঠ আৰু সপ্তম ভাগৰ মাজতে জোনাকীৰ পোহৰ দিয়া 'যন্ত্ৰ'টো আছে । ই তলৰ ফালে থাকে । যি অংশৰ পৰা পোহৰ নির্গত হয়, তাৰ ঠিক ওপৰতে আৰু এটা স্তৰ আছে । এই স্তৰটোৱে পোহৰ প্ৰতিফলন কৰাত সহায় কৰে । জোনাকীৰ পোহৰ দিয়া 'যন্ত্ৰ'ৰ কোষবোৰ ৰাসায়নিক বিক্ৰিয়াত যি পোহৰৰ সৃষ্টি হয় তাত কোনোধৰণৰ উত্তাপ সৃষ্টি নহয় । সেয়ে এনেধৰণৰ পোহৰক শীতল-পোহৰ বোলা হয় । লুছিফেৰিনেজ নামৰ এক ধৰণৰ উত্সেচকৰ বাবে জোনাকী পৰুৱাৰ পোহৰ ওলায় । জোনাকীৰ শৰীৰত সংকেত প্ৰেৰণ কৰাৰ আন কোনো ব্যৱস্থা নাই । সেয়ে ৰাতি পোহৰৰ সহায়ত জোনাকীয়ে সংগীৰ সন্ধানত উৰি ফুৰে । জোনাকীৰ পোহৰৰ সংকেত দেখি সংগী জোনাকীয়ে সহজেই সহচৰ বিচাৰি পায় ।

Junaki Poruwa Fireflies in Assam
Junaki Poruwa Fireflies in Assam

Junaki Poruwa 

Fireflies in Assam


জোনাকী পৰুৱাৰ অৰ্থ :

পেটৰ পাছফালে পোহৰ সৃষ্টি কৰিব পৰা এক অঙ্গ থকা এবিধ নিশাচৰ পতঙ্গ ৷

জোনাকী পৰুৱাৰ সমাৰ্থক শব্দ:

জ্যোতিৰিংগ, খদ্যোত, জুই-আঙ্গনি, জনোকা পোকা, জোনাকী, খজ্যোতি, প্ৰভাকীট